অনুসন্ধান আকাংক্ষাত

Monday, September 10, 2012

যদি বিচৰা নাই পুনাৰ মাক (বিহু গীত)





যদি  বিচৰা নাই

পুনাৰ মাক

ভালে ভালে মাক মাত,         

যদি  বিচৰা নাই

পুনাৰ মাক

ভালে ভালে মাক মাত,

কৈ দিলোঁ মই

নহলে কথা হ

নহলে কথা হব বেয়া |

মাক জনী হৈ

নেপাৱ গম

জীয়েৰে নো কলৈ গ,

মাক জনী হৈ

নেপাৱ গম                     

জীয়েৰে নো কলৈ গ|

বিহু তলিত পালোঁ মই

বিহু তলিত পালোঁ মই দেখা |   (...ভূ:হা:, পু:স:)



পৰকতি লৰা বুঢ়াৰ জাক

লগা নাই কবলৈ লাজ,

পৰকতি লৰা বুঢ়াৰ জাক

লগা নাই কবলৈ লাজ         

বুঢ়াটো হৈ চালিগৈ গাভৰুৰে

চালিগৈ গাভৰুৰে মেলা |

চেঙেলিয়া হৈ আছে মন

নাতিৰে মুখ চাবৰ হ,

চেঙেলিয়া হৈ আছে মন

নাতিৰে মুখ চাবৰ হ,

কালিলৈকে বুলিব,

কালিলৈকে বুলিব ককা |   (...নাৰী)



পৰৰ যহত খোৱা তিৰিৰ জাক

মনে মনে বহি থাক,

পৰৰ যহত খোৱা তিৰিৰ জাক

মনে মনে বহি থাক,

বাঢ়িছ তই বেছিকৈ কিছুদিনৰ,

বেছিকৈ তই কিছুদিনৰ পৰা |

কেনেবাকৈ পালেই ছল

চেঁপিবলৈ খোজ গল;

কেনেবাকৈ পালেই ছল

চেঁপিবলৈ খোজ গল;

বিচাৰিছ পাবলৈ,

বিচাৰিছ পাবলৈ মজা |   (...ভূ:হা:, পু:স:)



বৰেকৈ ফুটিছে মতাৰ মাত            

ৰহ বাপেকে পাবি ছাত,             

বৰেকৈ ফুটিছে মতাৰ মাত

ৰহ বাপেকে পাবি ছাত,

কি খাৱ তই আজিয়েই যাব বাৰু

আজিয়েই যাব বাৰু দেখা |

হালিব নাজান কুঠাৰ খন          

শাকনিও পৰিল ছন,

হালিব নাজান কুঠাৰ খন       

শাকনিও পৰিল ছ্ন

এ জুহালত দপ-দপোৱা

জুহালত দপ-দপোৱা ৰজা |   (...নাৰী)



যদি  বিচৰা নাই

পুনাৰ মাক

ভালে ভালে মাক মাত,

যদি  বিচৰা নাই

পুনাৰ মাক            

ভালে ভালে মাক মাত,

কৈ দিলোঁ মই

নহলে কথা হ

নহলে কথা হব বেয়া |



এপইছা দুপইছা পা-পইছা

বুঢ়া-বুঢ়ীৰ তামাচা,

এপইছা দুপইছা পা-পইছা        

বুঢ়া-বুঢ়ীৰ তামাচা,           

বুঢ়ালৈ কিমান বুঢ়ীৰ মৰম

কথাটো মন কৰিছা,

বুঢ়ালৈ কিমান বুঢ়ীৰ মৰম

কথাটো মন কৰিছা,

ঘূৰি ঘূৰি চোৱাঁ ভাই

ঘূৰি ঘূৰি চোৱাঁ ভাই        

বুঢ়ীৰে গাল ৰঙা হৈ

বুঢ়ীৰে গাল ৰঙা হৈ পৰে |



বুঢ়ীৰে গাল ৰঙা হৈ

বুঢ়ীৰে গাল ৰঙা হৈ পৰে,



বুঢ়ীৰে গাল ৰঙা হৈ

বুঢ়ীৰে গাল ৰঙা হৈ পৰে ||




(ইউনিক'ডীয় ৰূপান্তৰ  প্ৰাঞ্জল বড়া)

No comments: