অনুসন্ধান আকাংক্ষাত

Tuesday, September 11, 2012

সোণৰ হৰিণা ত‍ই ক’ত দেখিলি





১৯২৯ চনত সৰুচৰাই বাগিচাত কাম কৰোতে লিখা সুৰীয়া নাট " সোণৰ সোলেংত " পাৰ্বতী প্ৰসাদে সোণৰ হৰিনা বিচাৰি ফুৰি হাবাথুৰি খায়....

সোণৰ হৰিণা ত‍ই কত দেখিলি

ত‍ই কত দেখিলি

সোণৰ হৰিণা ত‍ই কত দেখিলি

ছাঁ-জুইৰ পোহৰত ধন লেখিলি

ত‍ই কত দেখিলি


....


দূৰত ৰূপৰ ছায়া

চকুত লাগিছে মায়া

সমুখত উৰে জীয়া

উৰে পখিলী

ত‍ই কত দেখিলি

ত‍ই কত দেখিলি

সোণৰ হৰিণা ত‍ই কত দেখিলি

ত‍ই কত দেখিলি


.....


বননিত ৰঙা দুটি

পলৰীয়া ভৰি

বলিয়া খেদা মাৰি

 পাবি জানো ধৰি

বননিত ৰঙা দুটি

পলৰীয়া ভৰি

বলিয়া খেদা মাৰি

পাবি জানো ধৰি


.....


মায়াৰ ফাণ্ডত পৰি

 হৰিণে লুকাব ভৰি

জীয়াৰ পৰিব সৰিব পখী দুখিলি

ত‍ই কত দেখিলি

ত‍ই কত দেখিলি

সোণৰ হৰিণা ত‍ই কত দেখিলি

ত‍ই কত দেখিলি

সোণৰ হৰিণা ত‍ই কত দেখিলি

ত‍ই কত দেখিলি

ছাঁ-জুইৰ পোহৰত ধন লেখিলি

ত‍ই কত দেখিলি

ত‍ই কত দেখিলি




(ইউনিক'ডীয় ৰূপান্তৰ -দীপা  ডেকা)

No comments: