অনুসন্ধান আকাংক্ষাত

Monday, September 10, 2012

মই আৰু মোৰ ছাঁ






কোনে কয় মই অকলশৰীয়া



মই আৰু মোৰ ছাঁ

দুয়ো দুয়োৰে লগৰীয়া

পৃথিৱী নকবা মই অকলশৰীয়া



সংগিহীনতা মোৰেই সংগী

বুলি কিয় তুমি উপহাস কৰিছা

মই আৰু মোৰ ছাঁ

দুয়ো দুয়োৰে লগৰীয়া



দূৰণিৰ বন্ধু সকলো মিছা

নিচেই কাষৰে ছাঁহে সঁচা

মই আৰু মোৰ ছাঁ 

দুয়ো দুয়োৰে লগৰীয়া



আশাৰ বালিচৰত যেতিয়া ঘৰ সাজোঁ

মোৰেই ছাঁই বালি তুলি দিয়ে

এন্ধাৰ বাটতে মোৰেই ছাঁই মেলি দিয়ে

নিতে জ্যোতিৰ দলিচা

মই আৰু মোৰ ছাঁ

দুয়ো দুয়োৰে লগৰীয়া

পৃথিৱী নকবা মই অকলশৰীয়া




(ইউনিক'ডীয় ৰূপান্তৰ  মিতালী বৰ্মন)

No comments: