অনুসন্ধান আকাংক্ষাত

Saturday, September 8, 2012

নব নব পুৰুষৰ নোপোৱাৰ প্ৰকাশক




                       
নব নব পুৰুষৰ নোপোৱাৰ প্ৰকাশক

ভৰিৰে মোহাৰিব নোৱাৰি

আৰক্ষী বাহিনীৰে কু-শাসন ৰক্ষা

কিছুদিনহে কৰিব পাৰি




আজিৰ সমস্যাই ভবাই তুলিবই

আজিৰ শিক্ষাৰ্থীক

(তাকে) শান্তিৰে প্ৰকাশিলে

নপঠাবি কু-শাসক

পাশবিক বাহিনীক




নধৰনো কিয়

মুখাপিন্ধা অসভ্য

বুদ্ধিজীবীহঁতক

আৰু অপাঠ্য পুঠি লিখা

যত আছে মিছা ৰচকক ?



কথা :

বুজিছো, পুহিছ ৰাইজৰ ধনেৰেই

পাশবিক বাহিনীক

(পিচে) নপঠাৱ কিয়,

মষিমূৰ কৰিবলৈ

খাদ্য মজুতকাৰীক




জন্ম ললে আজি যিটো শিশুৱে

সিও যে কালিৰ প্ৰতিক

একুৰিবছৰীয়া আজিৰ ডেকা

কাইলৈ হব নাগৰিক




(এই) সংগ্ৰামী শতিকাই

কৰিবই কৰিব

সংগ্ৰাম চিঞৰি চিঞৰি

(সেয়ে) পুৰণি চিন্তাৰ পাশবিকতাৰে

নিদিবি মিছা মথাউৰি




আজিৰ যুবকৰ তেজাল যৌবনে

এতিয়াই আচনি কৰিব

অনাগত একৈশ শতিকাত

সিয়ে গৈ নতুন বাস্তব হব




একবিংশ শতিকাই অলপতে জ্বলাব

কৃষ্টিৰ নতুন চাঁকি

বিংশ শতিকা পাৰহৈ যাবলৈ

কিছু দশকহে বাকী




আজিৰ যৌবনৰ ক্ৰোধৰ কাৰণ

ধৈৰ্য্যৰে ফঁহিয়াব পাৰি

(সেয়ে) এটোপাল ৰক্তও অবাবত নুলিয়াবি

পাশবিক কামোৰ মাৰি




সাবধান দুস্কৃতিকাৰী

ওলোটা পাকেৰে চলাব নোৱাৰি

জীৱন-সময়ৰ ঘড়ী




              (১৯৭২ চন )
(ইউনিক'ডীয় ৰূপান্তৰ  দীপা  ডেকা)

No comments: