অনুসন্ধান আকাংক্ষাত

Saturday, September 15, 2012

শূদ্ৰ (ময়ে শূদ্ৰ এৰা)





ময়ে শূদ্ৰ

এৰা

এৰা ময়ে শূদ্ৰ

আজি ই শতাব্দীৰ গৰ্ভ বিচাৰি জাগো

          ময়ে নৰৰূপী শূদ্ৰ

শূদ্ৰ শূদ্ৰ ময়ে

          ক্ষুদ্ৰৰো ক্ষুদ্ৰ ৷

মোৰ বুকুৱেদি গ

          শতাব্দী ষতাব্দী ধৰি

          ধনিকৰ বণিকৰ

          কত স্বৰ্ণৰথ

ময়েই পূৰালো মনোৰথ

          ভোগী বিলাসীৰ

মই বলি ধনিক লক্ষ্মীৰ ৷
 

মোৰ তেজ 

মোৰ মাংস

মোৰ হাড়-হিমজুৰে

          গঢ়ি দিলো সভ্যতাৰ

          জোনাকী কাৰেং

                   কত শতাব্দীৰ

মোৰ চকুপানীয়েই

                   অভিজাত সুন্দৰীৰ

                   মুকুতাৰ মণিটো

                             ডিঙিৰ ৷

হেজাৰ বছৰ গ

          ত পিৰামিড্‌ হ

          সম্ৰাটৰ কাৰেঙৰ দল

          মন্দিৰ মঠ কত

          কত দল-দেৱালয়

          সৌন্দৰ্য্যৰ ই তাজমহল

মোৰ হাড় গুৰা কৰি

মোৰ তেজ পানী কৰি

তিলতিলকৈ 

          আয়ুসকো ক্ষয় কৰি

          দিলো গঢ়ি সভ্যতাৰ যত সমদল

          মোলে কিন্তু একোকে নৰল

                   একোকে নৰল ৷

মাথোঁ হুমুনিয়া

মাথোঁ উপবাস

মাথোঁ পঁজাঘৰ বাৰিষা উৰুখা

ৰা-ছোৱালীৰ ভোক ভোক

জীৱনৰ যত ৰোগ শোক ৷




[জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত-কৱিতা]
[ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া]

No comments: