(দ্বৈত কণ্ঠত)
ভূ.হা. : বৰদৈচিলা নে সৰুদৈচিলানে
অসমৰ আকাশত বৰ বৰ চিলা
বৰদৈচিলা নে সৰুদৈচিলানে
অসমৰ আকাশত বৰ বৰ চিলা
নাৰী কণ্ঠ : চিলাৰায়ৰ চিলানে কাকতৰ চিলানে
কাকতৰ টকাখোৱাৰ পৰিকল্পনা
ভূ.হা. : চিলানে শেননে
ৰঙা-নীলা চিলা
নে হাঁহিয়াতৰ পাত্ৰ
ধোদৰ পচলা
সৌবোৰ ঠোঁট যেন তেজ হে সনা
শেন যেন লাগিছে
চকুৰে নমনা
অসমীয়া এইবোৰ ভাবি চাবৰ
ব'হাগেই বতৰ কিজানি
দ্বৈত কণ্ঠ : বোলো হয় হয় হয়
হে হয়নে
হে বোলো হয় হয়
হয় হয়
.....
ভূ.হা. : বাঁহতল শুৱনি কেতেকীৰ বাৰীতে
ক’ৰবাৰ ফেটিসাপে বাহ
ললে
নাৰী কণ্ঠ : কেতেকী ফুলিলে তগৰো ফুলিলে
ফেটিসাপে টপাটপ তাকেই গিলিলে
ভূ.হা. : তিল তিল কত তিল
তিল পিঠা নাই
কুহিয়াঁৰ আছে তাত
পেৰোতাহে নাই
নাৰী কণ্ঠ : অসমী আইৰে বৰঘৰ মজিয়াত
অসমী আইৰে বৰঘৰ মজিয়াত
ভূ.হা. : বৰখুটা এলাহৰ ঘূ্নে খাইছে
এটি ধোদৰ আলি গঢ়ি
হাত সাবতি
অসমৰ ৰণুৱাই ৰং চাইছে
মূৰৰ ফুলাম গামোচা খনি
ক’ৰবাৰ শেনে আহি
নিলেহি টানি
গ’ল গ’ল গ’ল গ’ল
হে গ’ল গ’ল গ’ল
বুলি মাথো চিঞৰিলে
তাকে দেখি শেনহঁতে ৰগৰ কৰিলে
অসমীয়া এইবোৰ গমি চাবৰ
ব'হাগেই বতৰ কিজানি
হে বোলো হয় হয় হয় হয়
হে হয়নে
হে বোলো হয় হয় হয় হয়
......
এহিমানৰ কথাখিনি এহিমানে থও
বৰদৈচিলাজনীৰ কথাকে কও
নাৰী কণ্ঠ : বৰদৈচিলা মানে কি অ’ ককাইটি
ভূ.হা. : হে বড়োৰ দোৱানে
বৰ মানে বতাহ
দে মানে পানী
আৰু চিখলা মানে হল গোসানীজনী
এনে সাহসৰ বৰষূণ বোকোচাত লৈ
চিলাজনী উৰিছিল ধুমুহা হৈ
তাই অসমলৈ আগতে আহিছিলে
আহি হিল দল ভঙা এটি মন দিছিলে
আৰু নানা জাতি উপজাতি একে কৰিছিলে
আজি বছৰেকৰ মূৰত তাই আহে আৰু যায়
অসমীয়া মনটোৰ থিতাপি নলয়
এইবোৰ দেখি শুনি এনে ভাব হয়
নাৰী কণ্ঠ : বোলো কি ভাব হয়
ভূ.হা. : বৰদৈচিলাৰে আগচুলি থপিয়াই
মাটিলৈ নমাই আনি
বৰদৈচিলাৰে আগচুলি থপিয়াই
মাটিলৈ নমাই আনি
অসমীয়া মনটোক সুমুৱাই দিবলৈ
ব'হাগেই বতৰ কিজানি
হে বোলো হয় হয় হয় হয়
হে হয়নে
হে বোলো হয় হয় হয় হয়
সময়ৰ গতি আছে
নাৰী কণ্ঠ : জানো জানো
ভূ.হা. : অগতিৰো গতি আছে
নাৰী কণ্ঠ : তাকো জানো
সোৱৰাই দিলেই লাগে জগৰ
দাংখাই উঠে দেখো বিহুৱা নগৰ
অসমৰ পথাৰৰ বিহু আহি
নগৰৰ ৰভাতলিত ৰৈ আছেহি
........
ঢোলৰ চেৱে চেৱে
সূদা ভাত খাৱ
হে ঢোলৰ চেৱে চেৱে
সূদা ভাত খাৱ
খাই খাই থেকেছা খাই খাই যাৱ
আৰু বছৰে বছৰে লুটিহে যাৱ
এইবোৰ দেখি শুনি এলাই এথানি
কবলৈ মন যায় কপায় ধৰণী
দ্বৈত কণ্ঠ : নতুন পুৰুষে কিজানি কাম কৰাৰ
ব'হাগেই বতৰ কিজানি
হে বোলো হয় হয় হয় হয়
হে হয়নে
হে বোলো হয় হয় হয় হয়
(ভূপেন হাজৰিকা আৰু ৰুণুমী ঠাকুৰৰ দ্বৈত কণ্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ → দীপা ডেকা)
No comments:
Post a Comment