অনুসন্ধান আকাংক্ষাত

Monday, September 10, 2012

মঙ্গলদৈ তোমাৰ নাম হওঁক মঙ্গল তোমাৰ





মঙ্গলদৈ তোমাৰ নাম হওঁক মঙ্গল তোমাৰ ।

অতীত ঘাটি চাইলে পাবা ঐতিহ্য অপাৰ ।।

কোঁচ ৰজাৰ জীয়ৰী মঙ্গলা যাৰ নাম ।

সেহি নামে নামাকৰণ মঙ্গলদৈ ধাম ।।



হৰিহৰৰ যুদ্ধ ভৈলা, হৰিয়ে শিঙা বায় ।

সেহি স্থানে হৰিশিঙা আজিও শোভা পায় ।।

দৌ-ৰাঙ্গ দৰং হৈলা এ দেৱে ৰঙ্গ কৰা ।

আৰ্য্য আছিল এহি স্থানে বৈদিক যুগৰ পৰা ।।



শাহেই ৰাজাৰ নগৰ বুলি যিখান স্থান খ্যাত ।

সেহি ৰজা সতী বেউলাৰ পিতৃ বুলি জ্ঞাত ।।

আৰিমত্ত নৃপতিয়ে এ ৰাজত্ব কৰিলা ।

বুঢ়ী নগৰ পুষ্কৰিণী প্ৰমাণ ৰূপে ৰৈলা ।।



চিলাৰায়ৰ পুত্ৰ পৰীক্ষিত নাৰায়ণ ।

কোচ বেহাৰ এৰি দৰঙ্গে পাতিলা শাসন ।।

পৰীক্ষিতৰ পুত্ৰ এ, বলিনাৰায়ণে পাই ।

মঙ্গলদৈ বুৰঞ্জীত ৰচে সুৱৰ্ণ অধ্যায় ।।



বিশ্ব বিমোহিনী ৰূপৰ যি দেৱীৰ দৰ্শন লয় ।

সেহি কেন্দুকলাইৰ জন্ম কলাইগাঁৱত হয় ।।

কোচ ৰাজাৰ পূৰ্বে কোনে ৰাজত্ব কৰিলা ।

ভূঞাসবেও ইয়াতেহে মহিমা দেখাইলা ।।



ৱেলচ চাহাব নামধাৰী এক ইংৰাজ কাপ্তানে ।

ৰাজা কৃষ্ণনাৰায়ণক ধৰিলা গোপনে ।।

ওঠৰশ চাব্বিশ চনত এ , ইয়াণ্ডাবু সন্ধি ।

স্বাধীনতা হৰি নিলা কৰি নানা ফন্দি ।।



শঙ্কৰী যুগৰ পূৰ্বে এ বিপ্ৰ হৰিহৰ ।        

লৱ-কুশ কাব্য ৰচি ভৈলাহা অমৰ ।।

কবি ৰামসৰস্বতী আৰু দ্বিজ দামোদৰ ।

জয়ৰাম সূৰ্যখড়িৰ মালদৈতে ঘৰ ।।



সৰ্ব্বানন্দ ব্যাস কলাইৰ গীতত মেঘে জন্মে ।

নাৰায়ণদেউৰ সুকনান্নীক জগতে প্ৰণামে ।।

টঙত উঠিলাহা শিল্প টংলাত কৰিছিলা ।

আজিও কতই চৰ্চ্চা কৰে সুকুমাৰ কলা ।।



মঙ্গলদৈয়া ৰাইজে জানে বিপ্লৱ কৰিবা ।

ইংৰাজৰ অত্যাচাৰক খুজিলা খেদিবা ।।

ওঠৰশ চৌৰান্নবৈত কৃষক বিদ্ৰোহ ভৈলা ।

পথৰুঘাটৰ মাটিত কতই প্ৰাণ দিলা ।।



শাক্ত বৈষ্ণৱ সৱে মিলি এ মঙ্গলদৈ সজায় ।

হিন্দু মুছলমানেও মিলি সুকনান্নী গায় ।।

এহি জাতি সেহি জাতি এ আৰু নানা জনজাতি ।

হিয়াই হিয়াই মিলিজুলি কৰিলা বসতি ।।



মঙ্গলদৈৰ কিশোৰ বাছা, ধনটি মোজাম্মিল ।

মোজাম্মিলৰ ৰক্ত পাই ভাষা জিল্‌মিল্‌ ।।

শ্বহীদ মোজাম্মিলৰ ৰক্তে ভাষাকে বচায় ।

মোজাম্মিলৰ মঙ্গলদৈচোন পীঠস্থান হয় ।।
                                   


কতনো গুণ বখানিম এ মঙ্গলদৈ ধামৰ ।

শত কোটি প্ৰণাম লোৱা গায়ক ভূপেন্দ্ৰৰ ।।




(ইউনিক'ডীয় ৰূপান্তৰ  মালিনী গোস্বামী)

No comments: