অনুসন্ধান আকাংক্ষাত

Saturday, September 8, 2012

পুঠি মাছৰ উজান উঠে বহাগৰে মাহতে (বিহু গীত)





পুঠি মাছৰ উজান উঠে বহাগৰে মাহতে,

নল বিৰিণাৰ মৰমতে বাৰিষা ঔ আহিলে |



পুঠি মাছৰ উজান উঠে বহাগৰে মাহতে,

নল বিৰিণাৰ মৰমতে বাৰিষা ঔ আহিলে |

নল বিৰিণাৰ মৰমতে বাৰিষা ঔ আহিলে |



এ পানী পাই বাঢ়িলে পানীৰে বিহ মেটেকা,

পথাৰ পাই হালিলে, পথাৰ পাই হালিলে কাছ |



হে কিহৰে দুখতে শুকাইছ মইনাজান ?

কিহৰে দুখতে শুকাইছ মইনাজান ?

কালৈনো চিন্তা কৰি, এ কালৈনো চিন্তা কৰি থাক ?



মন চেঙেলীয়া ঔ মইনা তোকে দেখাৰ পৰা,

মন চেঙেলীয়া ঔ মইনা তোকে দেখাৰ পৰা,

ধন সাঁচতিয়া ঔ মইনা দেহা ভাঙি ধৰ তাৰ,

ধন সাঁচতিয়া ঔ মইনা দেহা ভাঙি ধৰ তাৰ,

তোকে হে আনিবৰ মন সৰুমাই,

তোৰে মোৰে মৰমতে লুইত খনো বাঢ়ি যাই,

তোৰে মোৰে মৰমতে লুইত খনো বাঢ়ি যাই;

মৰমৰে নাৱঁতে চেনেহৰে বঠা লৈ,

তোকে নো আনিবলৈ, তোকে নো আনিবলৈ যাওঁ |



মৰমৰে নাৱঁতে চেনেহৰে বঠা লৈ,

তোকে নো আনিবলৈ, তোকে নো আনিবলৈ যাওঁ |



জোনাইৰে জোনবৰ লক্ষীমপুৰৰ লক্ষীধৰ,

জোনাইৰে জোনবৰ লক্ষীমপুৰৰ লক্ষীধৰ,

এ মোৰে নো ছাতি ধৰা, মোৰে নো ছাতি ধৰা হব |



গোগামুখৰ গঙ্গাধৰ আৰু গহপুৰৰ গোপালে     

চাৰি-আলিত লগে হৈ বিশ্বনাথৰ ঘাটতে,

গোগামুখৰ গঙ্গাধৰ আৰু গহপুৰৰ গোপালে

চাৰি-আলিত লগে হৈ বিশ্বনাথৰ ঘাটতে,

আমাক আদৰিবলৈ, আমাক আদৰিবলৈ ৰব |

আমাক আদৰিবলৈ, আমাক আদৰিবলৈ ৰব |



মোৰ ঘৰ তেজপুৰ, তোৰো হ’ল ৰংপুৰ,

তেজে ৰঙে মিহলি হ’ব |



আমাৰে মিলনৰ উছাহত উঠলি,

আমাৰে মিলনৰ উছাহত উঠলি

লুইত খনো বেগেৰে ব’ব |

লুইত খনো বেগেৰে ব’ব |



উত্তৰ পাৰৰ ল’ৰা বুলি

ভয় ন’ কৰিবি,

মাহেকে পষেকে আহিব তই পাৰিবি,

মাহেকে পষেকেই আহিব তই পাৰিবি,

লুইততে দলংবোৰ হ’ল,

লুইততে দলংবোৰ হ’ল |



লুইততে দলংবোৰ হ’ল,

লুইততে দলংবোৰ হ’ল |



লুইততে দলংবোৰ হ’ল,

লুইততে দলংবোৰ হ’ল ||




(ইউনিক'ডীয় ৰূপান্তৰ  → প্ৰাঞ্জল বড়া)

No comments: