অক্কণমানি ল’ৰা—
থিয় দিব খোজোঁতেই
থুপুক-থাপাক
পৰা ৷
কোনোমতে অকাই –
পকাই
এখোজ – দুখোজ যায়
চিৎভলঙা খায়,
খোজ কাঢ়িব নৌ পাৰোঁতেই
লৰ দিবলৈ চায় ৷
কান্দে ৰাতি পৰে পৰে
দুধ নাপাই চিঞৰ ধৰে
হঁহা – কন্দা দুটা
কথা
এতিয়া মাথোন জানে,
মুখৰ এটাও মাত ফুটা নাই
কল্কলায় পাৰেমানে ৷
নতুন কিবা পালে
নিয়ে মুখৰ ফালে
হিচাপ নেপাই
নাকৰ বিন্ধাত গোজে,
উৰি যোৱা ঘৰচিৰিকা
থাপ মাৰিব খোজে ৷
[জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা কবিতা]
[ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া]
No comments:
Post a Comment