অনুসন্ধান আকাংক্ষাত

Tuesday, September 11, 2012

স্নেহে আমাৰ শত শ্রাৱণৰ





স্নেহে আমাৰ শত শ্রাৱণৰ

ধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনে

যৌৱন বাসনাৰ ৰিক্তোপকূল

পূর্ণ কৰে উন্মত্ত বানে

স্নেহে আমাৰ শত শ্রাৱণৰ

ধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনে



নির্জন স্তব্ধ তিমিৰৰ পাৰ ভাঙি

উচ্ছল জীৱনৰ জোঁৱাৰ আনে

অপৰূপ বাৰিষাৰ তৰংগৰাশিয়ে

নাচে নৱ সৃষ্টিৰ গানে

যৌৱন বাসনাৰ ৰিক্তোপকূল

পূর্ণ কৰে উন্মত্ত বানে

স্নেহে আমাৰ শত শ্রাৱণৰ

ধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনে



বিদ্যুত ক্ষীপ্র নয়নে তোমাৰ

মৌন ভাষাৰ উন্মাদনা সানে

নিশ্বাসে মোৰ আশাৰ আশ্বাসত        

তৃপ্তিৰ পৰিধি নেমানে



প্রীতি দিগবলয়ত গতিশীল গীত গাওঁ

বজ্রৰ গর্জনে হাৰ মানে

বৃষ্টিৰ তৃষ্ণাই মৌচুমী খেদি যায়

আমাৰ দৃষ্টিয়েও লক্ষ্য জানে

যৌৱন বাসনাৰ ৰিক্তোপকূল

পূর্ণ কৰে উন্মত্ত বানে

স্নেহে আমাৰ শত শ্রাৱণৰ

ধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনে




(ইউনিক'ডীয় ৰূপান্তৰ -মিতালী বর্মন)

No comments: