অনুসন্ধান আকাংক্ষাত

Tuesday, September 11, 2012

সেন্দুৰ সেন্দুৰ ফোঁটটিয়ে





সেন্দুৰ সেন্দুৰ ফোঁটটিয়ে

পাতগাভৰুৰ কপালতে

সলাজ মৰম আঁকি দি

কিযে সোৱাদ পায়

মই আজিও নুবুজোঁ ।

মই আজিও নুবুজোঁ ।

মই আজিও নুবুজোঁ ।

গোলাপ গোলাপ গালতে

নিয়ৰৰে ঘামবোৰ

অকাই পকাই ৰৈ ৰৈ

কিযে সোৱাদ পায়

মই আজিও নুবুজোঁ ।

মই আজিও নুবুজোঁ ।              

মই আজিও নুবুজোঁ ।



নিলাজ নিলাজ ভঙ্গিমাৰে

পাহাৰৰে চূড়াবোৰে

নিজৰাক জোকাই

কিযে সোৱাদ পায়

মই আজিও নুবুজোঁ ।



কঁপা কঁপা মেখেলাই

ঢাকি থোৱা নখেৰে

ধূলিত ছবি আঁকি তাই

কিযে সোৱাদ পায়

মই আজিও নুবুজোঁ ।

মই আজিও নুবুজোঁ ।

মই আজিও নুবুজোঁ ।




(ইউনিক'ডীয় ৰূপান্তৰ -স্যামন্ত কুমাৰ গোস্বামী)

No comments: