জীৱন ঘড়ীৰ প্ৰতিটো প’ল
যেন গলি গলি গ’ল
নিঃঙ্গতাৰ পৰুৱা এটি
মাথো তাতে পৰি ৰ’ল
তেজত আজি ৰক্ত কণিকা
কিয় জানো কমি গ’ল !
দংশনৰত বিজাণুৰ দ্ল
মোৰযে লগৰী হ’ল
বিলম্বিত ল’য়, শুন্যতা ভৰা সুৰ
সোঁৱৰণী সমলয় হাহাকাৰেৰে পুৰ |
দিনবোৰ যেন সাগৰৰ পাৰৰ
অঘৰী চৰাই হ’ল
অন্ধকাৰৰ দিগ্বলয়ত
পোহৰ হেৰাই গ’ল
(ইউনিক'ডীয় ৰূপান্তৰ - বনজীত্ পাঠক )
No comments:
Post a Comment