অনুসন্ধান আকাংক্ষাত

Tuesday, September 11, 2012

ৰং কিনিবা কোনে অ’ ৰং কিনিবা কোনে





ৰং কিনিবা কোনে অ ৰং কিনিবা কোনে ?

মোনা ভৰাই ৰং আনিছোঁ, কিনা মোনে মোনে...|

বাওধানৰ সোণ পথাৰত হালধীয়া চৰাই

আৰু হালধীয়া সোণৰ পাপৰিয়ে

হালধীয়া ৰহণ মোক বেচে ঘনে ঘনে |



হে ৰং কিনিবা কোনে



সেউজীয়া থোৰ মেলা ধাননিতে

বৰ আকাশৰ নীলা নীলা সীমাখিনিতে

উৰি ফুৰা বগটি হেৰালে;                   

বগা পাখিৰ বগা বিচাৰি খালোঁ মই হাবাথুৰি

বগটি কেনিবা লুকালে !?



ডাঠ-পাতল সেউজ বোলত

লুকাই থকা বগটিয়ে হাঁহি মাৰি কলে;

মোৰ পাখিৰ বগা কিনা, নাপাবা সঘনে |       

হেঙুলীয়া ৰহণ খেদি সেন্দুৰী আলিৰে গলো

সুৰুযে বোলে, সুৰুয ককাইক লগ ধৰাৰ মনে |

সকলো ৰঙৰ বেহা কৰে ইন্দ্ৰধনুখনে;



সেই ধনুৱে অলপ বেচত

মোনাখনিত ঢালি দিলে

সপোন সনা ৰহণবোৰ জুখি দোণে দোণে,

ৰং কিনিবা কোনে ?



অকণি অঅকণি ৰং বেচোঁতা মই

দেশ বিদেশত বেহা আছে

মই নেথাকোঁ ৰৈ |               

আহাঁ আহাঁ ৰং লোৱা আনা সবাকে মাতি                    

ৰঙৰ বাবে নেলাগে, মোক পইছা-পাতি
                     


মাথোঁ সবে ৰং কিনা লৰি লৰি আহি

সেই ৰঙেৰে ধৰা বোলোৱা খিলখিলকৈ হাঁহি

আহাঁ জনে জনে ৰং কিনিবা কোনে ?



ৰং কিনিবা কোনে অ ৰং কিনিবা কোনে ?

মোনা ভৰাই ৰং আনিছোঁ, কিনা মোনে মোনে...|




*গীতিকাৰ, সুৰকাৰ, কন্ঠশিল্পী: ড০ ভূপেন হাজৰিকা
(ইউনিক'ডীয় ৰূপান্তৰ  প্ৰাঞ্জল বড়া)

No comments: