অনুসন্ধান আকাংক্ষাত

Monday, September 10, 2012

মদাৰৰে ফুল হেনো পূজাতো নেলাগে





মদাৰৰে ফুল হেনো পূজাতো নেলাগে

মদাৰৰে ফুল হেনো সবাহত নেলাগে

লাগে পিচে বহাগতে ৰং সানিবলে

লাগে পিচে আকাশতে জুই জ্বলাবলে

কোনোবাই মোক হেনো মদাৰৰে ৰিজালে

আমাৰদৰে লোক হেনো কামে-কাজে নেলাগে

লাগে পিচে সমাজতে ৰং সানিবলে

লাগে পিচে আকাশতে জুই জ্বলাবলে




মদাৰ গছত বগোৱা পাণ খাবলৈহে ভাল ভাল

উর্দ্ধমুখী পাণলতাৰ প্রতিজ্ঞাহে ভাল ভাল

পাণ হৈ মদাৰতে বগোৱাজনহে ভাল ভাল

কাঁইটতে বুকুৰে তেজ ঢলাজনহে ভাল ভাল

মদাৰৰে জুই শিখা বিচৰাজনকে

হাগতে মই আজি যাম পূজিবলে




সঁচা সৰু মানুহ যদি ৰঙা মদাৰ হয়

মদাৰৰে শিখা যদি হাতে হাতে লয়

তেতিয়াহে সমাজ আকাশ জ্যোতিৰে ভৰিব

জ্যোতি লাগে এন্ধাৰকে নাশ কৰিবলে
                     



মদাৰ নেলাগে পূজাত কাৰ পূজা সেয়া

তেনে পূজা নেচাওঁ আমি সেই সবাহ বেয়া

তেনে পূজাত লাগে মিছা কাগজৰে ফুল

তাতে কতই মানৱতা জয় বেচিবলে




যাৰ পূজাত নৰ-মাংস সেৰ জোখে কিনে

কিনি তাতে গোলাপৰে আতৰ কিছু সানে

যাৰ পূজাত মিছা-গৰল মনে মনে আহে     

মাটিৰ জীৱন অমৃতেৰে যাৰ ৰাহি নাহে

তেনে লোকক কাঁইটৰে শয্যা পাতি দিয়া

দি মদাৰ জুইৰে জ্বলোৱা মানুহ কৰিবলে

কোনোবাই মোক হেনো মদাৰৰে ৰিজালে          

আমাৰদৰে লোক হেনো কামে-কাজে নেলাগে...




(ইউনিক'ডীয় ৰূপান্তৰ  মিতালী বৰ্মন)

No comments: