অনুসন্ধান আকাংক্ষাত

Saturday, September 1, 2012

উদাস উদাস ম’ন পথাৰ




উদাস উদাস মন পথাৰ

উদাস উদাস বুকু

ক্ষীন পোহৰতো জিলিকিছে

ভিজা ভিজা চকু

উদাস উদাস মন পথাৰ

উদাস উদাস বুকু

শিং পোহৰতো জিলিকিছে

ভিজা ভিজা চকু


....


দূৰৈত নিয়তি চৰাইৰ মাতত

ৰাতি গভীৰ হয়

উচুপনি সাৱতি

ভগা পজাত

কালৈ বাট চায় ৰয়

উচুপনি সাৱতি

ভগা পজাত

কালৈ বাট চায় ৰয়

ৰাতিনো পুৱাব কেতিয়াকৈ

ৰাতিনো পুৱাব কেতিয়াকৈ

আতৰাই দিম যে তোকো

ভিজা ভিজা চকু

উদাস উদাস মন পথাৰ

উদাস উদাস বুকু


.....


উচুপনীত যেন কপি উঠে

ৰাতিৰ আন্ধাৰ বোৰ

উচুপনীত যেন কপি উঠে

ৰাতিৰ আন্ধাৰ বোৰ

জীৱন নামৰ নেদেখা সাকোত

জ্বলে আশাৰে জোৰ

জীৱন নামৰ নেদেখা সাকোত

জ্বলে আশাৰে জোৰ

সেই পোহৰত জিলিকিছে

সেই পোহৰত জিলিকিছে

উজ্বল দুটি চকু

জুই সনা দুটি চকু

উদাস উদাস মন পথাৰ

উদাস উদাস বুকু

ক্ষীন পোহৰতো জিলিকিছে

ভিজা ভিজা চকু

উদাস উদাস





(ইউনিকডীয় ৰূপান্তৰ-দীপা  ডেকা)

No comments: