অনুসন্ধান আকাংক্ষাত

Friday, August 31, 2012

এন্ধাৰ কাতিৰ নিশাতে




  ভূ.হা :         এন্ধাৰ কাতিৰ নিশাতে

এখনি নৈৰ পাৰতে

এটি ভগা পজাতে

পানেইৰ কামীহাড় সাৱতি

তাইৰ পোনাকনে ফেকুঁৰে


নাৰী কণ্ঠ:    আই ভোক লাগিছে

আই ভাত দে

আই পিয়াহ লাগিছে

আই গাখীৰ দে

আই ভোক লাগিছে

আই ভাত দে

আই পিয়াহ লাগিছে

আই গাখীৰ দে

আই ডিঙি মোৰ শুকায়ে যায় আই

এন্ধাৰ দেখিছো আই


ভূ.হা. :        কপালত হাত দি

পানেয়ে দেখিছে

পোনাটিৰ হু হু জ্বৰ

ঔষধো নাই গখীৰ নাই

ফল নাই মূল নাই

তেনেই উদং ঘৰ

ৰাতি পুৱালেই

খুজি মাগি আনি দিম

অলপ ধৈৰ্য ধৰ

বাচা আজি নিশাটো

তেনেই উদং ঘৰ

কান্দি কান্দি পোনাটি ভাগৰি

আই বুলি চিঞৰি

পোনাটি টোপনি যায়

পানেই তেতিয়া পোনাটিক চুমাদি

টোপনিৰ গীতটি গায়


নাৰী কণ্ঠ:    আমাৰে ম‍ইনা শুব এ

সোনালী ধাননী দাব এ

ন চাউলৰে চিৰা ভাজি দিমে

বাতি ভৰি ভৰি খাব

আমাৰে ম‍ইনা শুব এ

সোনালী ধাননী দাব এ

ন চাউলৰে চিৰা ভাজি দিমে

বাতি ভৰি ভৰি খাব

ত‍ই বাচা টোপনি যা

ত‍ই বাচা টোপনি যা


ভূ.হা. :        মাজনিশা কুকুৰৰ ভুকনিত

ঢপ ঢপ বুকুৰে কপনিত

পানেই উচপ খায়

ফটা কঠা আতৰাই

পোনাটিৰ মুখ চাই

আথেবেথে সাবটি গায়


নাৰী কণ্ঠ:    সোনৰে পুতলী বাচা

মূৰ তুলি চা

সুদা পজাত কূটাও নাই

পানীটোপা খা


দ্বৈত কণ্ঠ:    সোনৰে পুতলী বাচা

মূৰ তুলি চা

সুদা পজাত কূটাও নাই

পানীটোপা খা

.......................



{(ভূপেন হাজৰিকাদেৱৰ এটি গীত(দ্বৈত কণ্ঠৰ )}

(ইউনিকডীয় ৰূপান্তৰ- দীপা ডেকা )

No comments: