অনুসন্ধান আকাংক্ষাত

Friday, August 31, 2012

এইখন কলিয়াবৰ



এইখন কলিয়াবৰ, এইখন কলিয়াবৰ,

মোমাই তামুলীয়ে সপোন

ৰূপ দিয়া আত্মাৰামৰ ঘৰ

এইখন কলিয়াবৰ,    

এইখন কলিয়াবৰ, এইখন কলিয়াবৰ,


উত্তৰ দিশতে বাবা ব্ৰহ্মপুত্ৰই মৰমত সাৱটি ধৰে

উত্তৰ দিশতে বাবা ব্ৰহ্মপুত্ৰই মৰমত সাৱটি ধৰে

আই মা কামাখ্যা মা হাতীমুৰাই সততে মংগলাচৰে

আই মা কামাখ্যা মা হাতীমুৰাই সততে মংগলাচৰে

এইখন কলিয়াবৰ, ও এইখন কলিয়াবৰ,

পূৱৰে দিশতে বুঢ়া গিৰিবৰে

শিতানতে কাজিৰঙা

বিশ্ববাসীকে হাত বাউল দি

আছে গঁড় এশিঙীয়া

আছে গঁড় এশিঙীয়া

এইখন কলিয়াবৰ, ও এইখন কলিয়াবৰ


পালনা কন্দলী দক্ষিণত প্ৰহৰী

সাৰে আছে গিৰিবৰ

কাল শতৰুৰো সাহে নুকুলাব

পাৰ হৈ সোমাবৰ

এইখন কলিয়াবৰ, এইখন কলিয়াবৰ


পশ্চিমত বহিছে বুঢ়া-বুঢ়ী গড়ে দুৱাঁৰ ৰখীয়া হৈ

মানুহৰ প্ৰকতিত জিলিকাই তুলিছে যুগ যুগান্তৰলৈ

এইখন কলিয়াবৰ, এইখন কলিয়াবৰ,


সত্ৰ নামঘৰ দৌল দেৱালয়, গীৰ্জা মচজিদ মাজে

একেজন ঈশ্বৰক শ্ৰুতিনতি কৰে

ভকতিৰ ভাৱে ভাৱে

ভকতিৰ ভাৱে ভাৱে


এইখন কলিয়াবৰ, এইখন কলিয়াবৰ

মোমাই তামুলীয়ে সপোন

ৰূপ দিয়া আত্মাৰামৰ ঘৰ

এইখন কলিয়াবৰ,

এইখন কলিয়াবৰ, এইখন কলিয়াবৰ,

ঐতিহ্যমন্ডিত

এইখন কলিয়াবৰ,

এইখন কলিয়াবৰ, এইখন কলিয়াবৰ,

ঐতিহ্যমন্ডিত

এইখন কলিয়াবৰ,



(ইউনিকডীয় ৰূপান্তৰ-  মৌচুমী ভূঞা চৌধুৰী)

No comments: