অনুসন্ধান আকাংক্ষাত

Friday, August 31, 2012

একেই আকাশ একেই মাটি


এলবাম :                  দেৱকন্যা
কথা :                       ড৹ দেৱজিৎ খনিকৰ
সংগীত পৰিচালনা : ৰসানন্দ গগৈ
সংগীত-ব্যৱস্থাপনাঃ ৰূপম তালুকদাৰ
বাণিবন্ধন সহযোগীঃ কমল কটকী,
প্রযোজনা  সঙ্গীত সন্মোহিনীৰ হৈ অজন্তা দত্ত খনিকৰ 



একেই আকাশ, একেই মাটি,

একেই মেঘৰ বৃষ্টি;

একেই ভোক, একেই পিয়াহ,

একেই দুখৰ চকুপানী-

পৰিচয় আমাৰ মানৱ-জাতি !

আঁহ ফালি ফালি ভাগ নকৰিবি,

পৃথিৱীক এখন গাঁও কৰচোন আজি ;

খিয়লা-খিয়লিত শান্তি হেৰায়

হত-আহত হয় সম্প্রীতি,

কোন দূৰাচাৰী সুযোগ বিচাৰি

ভৰিৰে গৰকিছে দেশ-স্বজাতি !

অসম আমাৰ জন্মভূমি-

জননী আমাৰ আই অসমী ।

শান্তিৰ অসম বিচৰা

মহামিলনৰ সেতু বন্ধা-

আমি অসমীয়া পৃথিৱী-বলিয়া !!

পাহাৰ ভৈয়ামৰ ভাই-ভনী লগ লাগি

উদাত্ত কণ্ঠে কচোন এবাৰ আজি-

ভাল লাগে সেউজীয়া হলে পৃথিৱী,

ভাল লাগে মানৱতা হলে সাৰথি,

পৃথিৱীক এখন গাঁও কৰচোন আজি-

পৰিচয় আমাৰ মানৱ-জাতি ।।



**অসমৰত্নৰ ভূপেন হাজৰিকাদেৱৰ কণ্ঠত বাণীবদ্ধ হোৱা শেষ অসমীয়া গীত**

[ইউনিকড ৰূপান্তৰণ: ৰসানন্দ গগৈ, অৰুন্ধতী তালুকদাৰ]

** গীতটি বিচাৰি ইউনিকড আকাৰেৰে দিয়াৰ বাবে ৰসানন্দ গগৈদেৱলৈ বিশেষ ধন্যবাদ যাচিলোঁ**

No comments: