অনুসন্ধান আকাংক্ষাত

Friday, August 31, 2012

আঢ়ৈ ধান লেচীয়া বানিবি কেতিয়া




আঢ়ৈ ধান লেচীয়া বানিবি কেতিয়া

কুলাতকৈ চালনি ঘন

চকুৰে চাইছা মুখেৰে নেমাতা

হে কালৈনো কৰিছা মন



বিন্ধিলে বিন্ধিলে বিন্ধিলে ঐ পিৰীতিৰে হুলে

বিন্ধিলে বিন্ধিলে বিন্ধিলে ঐ পিৰীতিৰে হুলে

পিৰীতিৰ হুল বৰযে চোকা

মন পথাৰত বৰযে বোকা

বোকা গচকি হুল নেওচি যাম তোমাকে বিচাৰি

পানী অনাৰ চলেহে, পানী অনাৰ চলেহে

বিন্ধিলে ঐ পিৰীতিৰ হুলে



তোলৈ চাওতে বিজু বিজু বিজু বন

বিহুলৈ আহোতে বিজু বিজু বিজু বন

বিন্ধিলে পিৰীতিৰ হুলে হে বিজু বিজু বিজু বন

ফুলে তগৰ বৄন্দাবন

জ্যোতি যায় বৄন্দাবন

নাচো নাচো নাচো নাচো নাচো নাচো লাগিছে মন

তোৰে মনে পালে বিজু বিজু বিজু বন

মোৰে মনে খালে বিজু বিজু বিজু বন

কি কৰিব অজাতিৰ কুলে



নধৰা নধৰা নধৰা ঐ ৰেৱাব টেঙাৰ ৰঙা জীম

নধৰা নধৰা নধৰা ঐ ৰেৱাব টেঙাৰ ৰঙা জীম

চিঠি পালে উত্তৰ দিম ৰেৱাব টেঙাৰ ৰঙা জীম

ঘৰতে মোক নিদিলে দিখৌ নদীত জাপ দিম

বতাহতে হালিছে ৰেৱাব টেঙাৰ ৰঙা জীম

পদুমৰে কলিটি ৰেৱাব টেঙাৰ ৰঙা জীম

মুৰ দুপিয়াই মাতে চেনাই ৰেৱাব টেঙাৰ ৰঙা জীম

মুৰ দুপিয়াই মাতে চেনাই ৰেৱাব টেঙাৰ ৰঙা জীম

চিঠি পালে উত্তৰ দিম ৰেৱাব টেঙাৰ ৰঙা জীম

ঘৰতে মোক নিদিলে দিখৌ নদীত জাপ দিম

নহলে মোক কথা দিয়া দিখৌ ঘাটত ধৰি নিম

ৰেৱাব টেঙাৰ ৰঙা জীম

ৰেৱাব টেঙাৰ ৰঙা জীম

দিখৌ নদীত মই জাপ দিম




(ইউনিক'ডীয় ৰূপান্তৰ-অৰুন্ধতী তালুকদাৰ)

No comments: