সুন্দৰ তই কিমান সুন্দৰ
তাকেহে মই
নাজানো
মই যি সৌন্দৰ্য্যৰ
পাৰকে নাপাওঁ
তাতোকৈও তই
আৰু সুন্দৰ
তাক জানো, তাক জানো ৷
মই চকুৰে দেখা
যতবোৰ ছবি
পৃথিৱী আকাশ
জোন তৰা ৰবি
মাথো বুজিছো
তাতোকৈও তই
কিবা অভিনৱ হবি ৷
বিশ্বৰ যত সৌন্দৰ্য্যৰেও
উমান নাপাই তোৰ
তই চাগে’ হাঁহ
আপোন মনতে
দেখি হাবিয়াস মোৰ ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment