অনুসন্ধান আকাংক্ষাত

Thursday, August 2, 2012

সুন্দৰৰ পূজা ফুলৰে নকৰি



সুন্দৰৰ

পূজা ফুলৰে নকৰি

                   ধূলিৰে কৰিবি কোনে ?

ৰূপৰে ৰসৰে

গন্ধ গানৰে

          কোনে পূজা কৰ বনে বনে ?

কোনে পূজা কৰ মনৰ মনে

কোনে পূজা কৰ ধনে জনে

          উপবনে বনে বিচাৰি কোনে

                   সোণৰ হৰিণা ধৰ ৷

                   মৰীচিকা খেদি মৰে

কাৰেঙৰ পৰা সুন্দৰ নামি

          ধূলিৰ বাটেদি যায়

বিচাৰি ফুৰায়ো আগেদি গলেও

          জিলিকা ৰূপত, ধূলি লাগিলতে

                   চিনিয়ো চিনি নাপায় ৷৷




(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: