অনুসন্ধান আকাংক্ষাত

Friday, August 31, 2012

আই তোক কিহেৰে পূজিমে



আই তোক কিহেৰে পূজিমে

আই তোৰ চৰণে দুখানি

আই অ কিহেৰে পূজিমে তোক

আই অ জীৱন দি পূজিমে তোক



আই তোৰ মৰমী কোলাতে 

আই মই জনমে লভিলোঁ

আই তোৰ কিহেৰে শুজিমে ধাৰ

আই অ জীৱন দি সুজিমে ধাৰ



আই অ আই

শ্যামলী কোলাতে পাহাৰে-ভৈয়ামে

খেলিলোঁ কতনা খেলা

আই তোৰ মৰমবোৰ নিগৰি

আই অ লুইত হৈ বাগৰে

আই অ শান্তি সাগৰলে বুলি

আই অ মহামিলনলে বুলি





(ইউনিক'ডীয় ৰূপান্তৰ- মিতালী বৰ্মন)

No comments: