অনুসন্ধান আকাংক্ষাত

Friday, August 31, 2012

এইটি বা কোন ওলালে



এইটি বা কোন ওলালে

সিংহ কেনি লুকালে

নেগুৰ কটা শৃগাল আজি

ৰাজসভালৈ যায় ।



পপীয়া তৰা ওলালে

সূৰুজ কেনি লুকালে

তপস্বী বিৰাল আজি

নাম ঘৰলৈ যায় ।



গর্দভৰে নৃপতি

গর্দভে শুভে

ন্যায় এৰি নৃপতিটি

মৰিল অতি লোভে ।



কাউৰী সজাওঁ যদি

গজৰাজ মুকুতাৰে

তাৰ থৌঁট যদি জিলিকাওঁ

সুৱর্ণ মাণিকেৰে

তথাপি কাউৰী জানো ৰাজহংস হয় ?



ৰাইজ যদি ৰজা হয়

নৃপতি নো কোন

দেশখন বেচোঁতা এই

বদনটিনো কোন

তেজ শোহা জোক জানো

মহাপুৰুষ হয় ?





(ৰচনা কাল- ১৯৬৩ চন; কথাছবি- মণিৰাম দেৱান)
(ইউনিকডীয় ৰূপান্তৰ- খনিন্দ্র মাধৱ শইকীয়া )


No comments: