সৌ অসীমৰ শেষ তৰাটোৰ গান
কোন কাহানি
আহিবনো
হাঁহিবনো
শাঁত কৰি মোৰ
শেষ বিচৰা প্ৰাণ ৷
সেই তৰাটো কোনোবা পুৰত
মনেও ঢুকি নোপোৱা দূৰত আছে
তাত কোন সপোনৰ জোনাকীয়ে
আন্ধাৰ গুচাই নাচে
দূৰদূৰণিৰ কথা ভাবো
আঁতৰৰে পৰা
দূৰণিবলীয়া মনটো যে মোৰ
নোপোৱা পখিলা ধৰা ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment