অনুসন্ধান আকাংক্ষাত

Thursday, August 30, 2012

অতীতৰ বুৰঞ্জী লিখকে




অতীতৰ বুৰঞ্জী লিখকে লিখিছিল

ৰজা মহাৰজাৰ কথা,

আজিৰ বুৰঞ্জী লিখকে লিখিছে

মানুহৰ মুকুতি কথা।



মিচৰ দেশৰে নীল নৈৰ পাৰৰে

পাল্লাহীনে বিনালে

কৈ কৃষকৰ বুকুৰে বেথা।

অতীতৰ বুৰঞ্জী লিখকে লিখিছিল...


মিচিমিচিৰ পাৰতে কপাহৰে খেতিতে


নীগ্ৰ' জনে বিনালে

কৈ মানুহৰ বৰণৰ কথা।

অতীতৰ বুৰঞ্জী লিখকে লিখিছিল..



লুইতৰে পাৰৰে গাঁৱৰে মৰিশালিত

ৰংমনে নিতৌ চিঞৰে

কৈ বোৱতী মনৰে কথা।

অতীতৰ বুৰঞ্জী লিখকে লিখিছিল...



পাহৰি পেলালোঁ বুৰঞ্জীয়ে কোৱা

সামন্ত যুগৰে কথা

সময়ৰ সাহেৰে লিখি যাম আজি মই

মানুহৰ মুকুতিৰ কথা।

অতীতৰ বুৰঞ্জী লিখকে লিখিছিল...



(ইউনিক'ডীয় ৰূপান্তৰ- গীতাৰ্থ বৰদলৈ)

No comments: