অনুসন্ধান আকাংক্ষাত

Thursday, August 30, 2012

অহো হো মহ’ হো দেশৰ হকে মৰোঁ হো



অহো হো মহ হো দেশৰ হকে মৰোঁ হো

কিঞ্চিতো নাই ভয় নাই

ওলালোঁ মুক্তি পথ যাত্ৰী হে হে



ৰংঘৰ ৰংঘৰ তেজীৰঙা ৰংঘৰ

আজি কিয় ৰং তোৰ নাই

ডাঙৰীয়া সৰুবৰে আৰু যত অনুচৰে

কিয় আজি শোকতে বিনায় 

নাকান্দিবি অ দেশ মাতৃ



শান দিয়া হেংদান যত মহা অস্ত্ৰী

মন্ত্ৰণা দিয়া আজি যত মহা মন্ত্ৰী

আশীষ দিয়া আই মাতৃ



(ইউনিক'ডীয় ৰূপান্তৰ -মালিনী গোস্বামী)

No comments: