অনুসন্ধান আকাংক্ষাত

Sunday, August 5, 2012

সোণৰ সপোন মোৰ ভাঙিলি কিয়



সোণৰ সপোন মোৰ ভাঙিলি কিয়

মোৰ সোণৰে সপোন

চম্পাৰে আঙুলি বুলালি কিয়

আখি মোৰ সপোন বিভোৰ

          ঊষাৰ হাঁহি

          নিশাৰ সপোন মোৰ

          আঁতৰালি কিয় ?

          অৰুণৰ কৰুণ হাঁহিটি অ

          হাঁহিটি অ হাঁহিটি অ

পুৱতী নিয়ৰে নিশা সৰা শেৱালিৰ

          সুৰভি বোৱালি কিয় ?



(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: