অনুসন্ধান আকাংক্ষাত

Thursday, August 30, 2012

অ’ থুনুকা কাঁচঘৰ তই বান্ধিবি কিমান মোৰ মনপখী



থুনুকা কাঁচঘৰ

তই বান্ধিবি কিমান

মোৰ মনপখী

সীমাৰ পৰিধি টানি

সৌ অসীম আকাশ

মোৰেই বাবে বাট চাই আছে

কামনাৰ ৰহন সানি



জানো মৰণ জীৱন একেটি নদীৰ

দুপাৰৰ দুটি ঘাট

শুনো মৰণ হেনো শ্যাম সমান

নিতে বাঁহী বায় তাত

তথাপি কিয় ছবি আঁকি যাওঁ

জীৱন লালসাৰ

তথাপি কিয় মোৰ মানসত

বোৱতী সুঁতিৰ ধাৰ

ত জিলমিলিয়া পানী



কাঁচঘৰ মই যে তোৰেই

অতিথি ক্ষণিকৰ

স্থিতিৰ দেশত মন গতি মোৰ

হয় যে ক্ষীপ্ৰতৰ

তইতো নোৱাৰ পখীক বান্ধিব

জীয়া সাগৰ পাৰৰ

কাঁচৰ শিকলি আনি




(ইউনিক'ডীয় ৰূপান্তৰ -মালিনী গোস্বামী)

No comments: