অনুসন্ধান আকাংক্ষাত

Friday, August 31, 2012

আকৌ প্ৰমান কৰ হেৰৌ অসমৰ অসমীয়া



আকৌ প্ৰমান কৰ হেৰৌ অসমৰ অসমীয়া

তোৰ তেজৰ সোঁতত বীৰ-বীৰাঙ্গনাৰ

লহৰ আজিও তুলি;

তোৰ তেজৰ সোঁতত বীৰ-বীৰাঙ্গনাৰ

লহৰ আজিও তুলি;

অগ্ৰগামী যুঁজাৰু জাতিয়ে কেৱল জানে

কেনেকৈ বীৰত্ব প্ৰকাশ কৰে

আৰু বিজয় প্ৰতিজ্ঞা হুংকাৰে,

ৰণাংগণত উৰুৱাই ধুলি, উৰুৱাই ধুলি |


আকৌ প্ৰমান কৰ

হেৰৌ অসমৰ অসমীয়া, অসমীয়া |



এক মোমাই তামুলীৰ পুত্ৰই দেখুৱাই গ,

এক মোমাই তামুলীৰ পুত্ৰই দেখুৱাই গ,

শিৰচ্ছেদৰ নমুনা, চমকি উঠিল শৰাইঘাট,

চমকি উঠিল শৰাইঘাট...,

দেশ বুলিলেই আবেগ কিয় ?

শুইনো থাকি আছনো কিয় ?

দেশ বুলিলেই আবেগ কিয় ?

শুইনো থাকি আছনো কিয় ?

সময়ে সময়ে মাতছোন মাত,

দেখিবি জাতিৰ খেদ কেনেকে উঠিছে উঠলি,

উঠিছে উঠলি |

অগ্ৰগামী যুঁজাৰু জাতিয়ে কেৱল জানে

কেনেকে বীৰত্ব প্ৰকাশ কৰে

আৰু বিজয় প্ৰতিজ্ঞা হুংকাৰে,

ৰণাংগণত উৰুৱাই ধুলি, উৰুৱাই ধুলি |



আকৌ প্ৰমান কৰ

হেৰৌ অসমৰ অসমীয়া, অসমীয়া |



পাহৰিলে নহব কিমান গভীৰ

সেই নিৰ্জাতিতা জয়াৰে মনৰ বেথা,

পাহৰিলে নহব কিমান গভীৰ

সেই নিৰ্জাতিতা জয়াৰে মনৰ বেথা,

আৰু ফাঁচী কাঠৰ পৰা

কোশল-পিয়লীয়ে চিঞঁৰি কৈছিল যি কথা,

আৰু ফাঁচী কাঠৰ পৰা

কুশল-পিয়লীয়ে চিঞঁৰি কৈছিল যি কথা,

সময়ে যদি বিচাৰে,

ধৰিবি ৰণৰ চালি, ধৰিবি ৰণৰ চালি |

বোলো সোণৰ আখৰেৰে জকে-মকাই আছে,

বোলো সোণৰ আখৰেৰে জকে-মকাই আছে,

মূলা গাভৰুৰে নাম, , মূলা গাভৰুৰে নাম |

আজিৰ গাভৰু তোৰ কামে কথাই

ইঙ্গিত পাম নে নাপাম ?

আজিৰ গাভৰু তোৰ কামে কথাই

ইঙ্গিত পাম নে নাপাম ?

মনত নাইনে এক কণকলতাই,

মনত নাইনে এক কণকলতাই,

কাললৈ কিৰীতি ৰাখিলে কিয়

বুকু পাতি গুলি ?



মনত নাইনে এক কণকলতাই,

মনত নাইনে এক কণকলতাই,

কাললৈ কিৰীতি ৰাখিলে কিয়

বুকু পাতি গুলি,

বুকু পাতি গুলি, বুকু পাতি গুলি ?



আকৌ প্ৰমান কৰ হেৰৌ অসমৰ অসমীয়া

তোৰ তেজৰ সোঁতত বীৰ-বীৰাঙ্গনাৰ

লহৰ আজিও তুলি;

তোৰ তেজৰ সোঁতত বীৰ-বীৰাঙ্গনাৰ

লহৰ আজিও তুলি;

অগ্ৰগামী যুঁজাৰু জাতিয়ে কেৱল জানে

কেনেকে বীৰত্ব প্ৰকাশ কৰে

আৰু বিজয় প্ৰতিজ্ঞা হুংকাৰে,

ৰণাংগণত উৰুৱাই ধুলি, উৰুৱাই ধুলি |


আকৌ প্ৰমান কৰ

 হেৰৌ অসমৰ অসমীয়া, অসমীয়া |



*এলবাম: আকৌ শৰাইঘাট 
(ইউনিক'ডীয় ৰূপান্তৰ- প্ৰাঞ্জল বড়া)       

1 comment:

আকাংক্ষা said...

হীমজ্যোতি তালুকদাৰ:→গীতটিৰ গীতিকাৰ, সুৰকাৰ হীৰেন গোঁহাই ৷
ধন্যবাদ হীমজ্যোতি ৷