অনুসন্ধান আকাংক্ষাত

Thursday, August 2, 2012

সুন্দৰ তোক পূজা কৰা নাই



সুন্দৰ তোক পূজা কৰা নাই     

          অকলৈয়ে তোক চাবলৈ

সুন্দৰ তোক পূজা কৰা নাই

          অকলৈয়ে মই পাবলৈ ৷

          অকলৈয়ে মই ওলোৱা নাই অ

          তোৰ তীৰ্থলে যাবলৈ ৷



মোৰ যদি এই আকুল আহ্বান

মোৰ যদি শত লিখা নিলিখা গানে

                    লব পাৰে তোৰ বৰ

          তাৰে পোহৰাম মহা জনতাৰ ঘৰ

                   হে চিৰসুন্দৰ !!



(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: