সোণ পুৱতি সাৰ পোৱা
মোৰ বাঁহীৰ সুৰে
ইনাই বিনাই বিশ্বভুৱন ঘুৰে
সোণ সন্ধিয়াৰ কইনাজনীৰ শুনি
বুকু পোৰে ৷
মোৰ সুৰত গঁথা ভাবফুলনিৰ
গুটিমালীৰ মালা
তৰা বনকৰা মেখেলা পিন্ধিলে
তাই যে নিমাতী কলা ৷
সেই মালাৰে সাতসৰী পিন্ধি
তাই, আহোঁ আহোঁকৈ নাহে
মোক ৰৈ থকা দেখি
দূৰণিলে চাই
আপোন মনতে হাঁহে ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; ০৮/০৯/১৯৪৯)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment