অনুসন্ধান আকাংক্ষাত

Friday, August 3, 2012

সোণৰ ৰূপৰ নাও দুখনি



সোণৰ ৰূপৰ নাও দুখনি

          মোৰ ঘাটেদি গ

     ফুলৰ পাতৰ নাওখনিহে

          মোৰ ঘাটত ৰল ৷



ফুলৰ পাহিত

          আছিল চকুপানী

পাতত দিছিল কৰ কোনোবাই

          ৰঙা মৰম সানি ৷



     গোন্ধত আছিল মোৰ আপোনাৰ

          মোৰেই সুৰবাণী

         মূৰত ললোঁ আনি ৷



সোণৰ ৰূপৰ নাও দুখনি গ

         চকুপানী মৰম-বাণী

                  মোৰ কোঠালিত ৰল ৷৷



( জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; ০৭/১০/১৯৪৮)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: