অনুসন্ধান আকাংক্ষাত

Friday, August 31, 2012

আমাৰ সমাজৰ নতুন পুৰুষৰ (দ্বৈত কন্ঠত)




(ককাই):     আমাৰ সমাজৰ নতুন পুৰুষৰ

জাননে কি হল ভাই ?

আমাৰ সমাজৰ নতুন পুৰুষৰ

জাননে কি হল ভাই ?


(ভাই):         প্ৰগতিৰ জখলা বগাইছে হবলা !

কেনেহে লাগিছে ককাই ?


(ককাই):     নহয় নহয়, ওহোঁ নহয়,

নহয় নহয়, ওহোঁ নহয়,

ঘনে প্ৰতি খোজে প্ৰতি উজুটিহে খায় |

আমাৰ সমাজৰ নতুন পুৰুষৰ

জাননে কি হল ভাই ?


(ককাই):     এজাক উতনুৱা হ,

এজাক পতনুৱা হ,

"মলখু" ঐ দুটি এটি ৰ|


(ভাই):         কোনটো সোঁনালী পথ,

কেনি চলে জীৱ্ন ৰথ,

উৱাদিহ নোপোৱা হ|


(ককাই):     শ্ৰম বিমুখিতাই আজি

কুহিলাৰ পুঙা সাজি

বহুতকে নিচে উটুৱাই |

বহুতকে নিচে উটুৱাই |


(ভাই):         তেনেহেন লাগিছে ককাই !


(ককাই):     আমাৰ সমাজৰ নতুন পুৰুষৰ

জাননে কি হল ভাই ?


(ককাই):     কথাৰে জগত্‍ জীনা,

কামে-কাজে আনমনা,

শুনা নাই যুগৰ আহ্বান ?

নিজক নিচিনিলে, নিজক পাহৰিলে

হতাশাই কৰে মৄয়মান |


(ককাই):     জীয়াই থকাই জীৱন নহয়,

সোঁত বিপৰীতে কদাপি নবয়,

জীয়াই থকাৰ জীৱন নহয়,

সোঁত বিপৰীতে কদাপি নবয়,

সেই কথা দিলোঁ সোঁৱৰাই,

সেই কথা দিলোঁ সোঁৱৰাই |


(ভাই):         তেনেহেন লাগিছে ককাই !


(ককাই):     আমাৰ সমাজৰ নতুন পুৰুষৰ

জাননে কি হল ভাই ?

আমাৰ সমাজৰ নতুন পুৰুষৰ

জাননে কি হল ভাই ?


(ভাই):         প্ৰগতিৰ জখলা বগাইছে হবলা !

তেনেহে লাগিছে ককাই ?


(ককাই):     নহয় নহয়, ওহোঁ নহয়,

নহয় নহয়, ওহোঁ নহয়,

ঘনে প্ৰতি খোজে প্ৰতি উজুটিহে খায় |

আমাৰ সমাজৰ নতুন পুৰুষৰ

জাননে কি হল ভাই ?


(ভাই):         প্ৰগতিৰ জখলা বগাইছে হবলা !

কেনেহে লাগিছে ককাই ?


(ককাই):     তেনেহেন লাগিছে ভাই |



(ইউনিক'ডীয় ৰূপান্তৰ- প্ৰাঞ্জল বড়া)

No comments: