অনুসন্ধান আকাংক্ষাত

Friday, August 31, 2012

আকাশী গংগা বিচৰা নাই



আকাশী গংগা বিচৰা নাই

নাই বিচৰা স্বর্ণ অলংকাৰ

নিষ্ঠুৰ জীৱনৰ সংগ্রামত

বিচাৰোঁ মৰমৰ মাত এষাৰ



মহা মহা সাগৰৰে কতনা লহৰ লেখিলোঁ

মহা মহা নগৰীতে কতনা বাট হেৰুৱালোঁ

মৰম জ্যোতিৰ পম খেদি খেদি

বোৱালোঁ গুপুতে অশ্রুধাৰ



হয়তো নিতৌ হেজাৰজনৰ হেজাৰ শৰাই পাম

তথাপি কিয় বিশেষজনৰ মৰম বিচাৰি যাওঁ

মহা মহা নাটঘৰে ঘৰে কণ্ঠ-শোণিত নিগৰালোঁ

মহা মহা শ্রোতা-জনতাৰে মুখত হাঁহি বিৰিঙালোঁ

ক্ষণিত মৌন পৰত কোনেনো

পাতলাব মোৰ দুখৰে ভাৰ



(ইউনিক'ডীয় ৰূপান্তৰ- মিতালী বৰ্মন)

No comments: