অনুসন্ধান আকাংক্ষাত

Thursday, August 30, 2012

অ’ বিদেশী বন্ধু



বিদেশী বন্ধু দুৰ্ভগীয়া 

আজি কিয়নো বন্ধু অকলশৰীয়া 

প্ৰতিধ্বনি শুন কান্দোনৰ ।



প্ৰেমৰ সাগৰে জাহাজ মেলিলি

নেপালি কোনো বন্দৰ

সৰু চাকনৈয়াতে বন্দী হলি

হেৰুৱালি তোৰ লঙ্গৰ ।



চিৰ সেউজতে চামেলি দেখিলি

অতি মনোমুগ্ধকৰ

লিৰিকি বিদাৰি সুগন্ধি লওঁতেই

চামেলি হলগৈ পৰ ।





(ইউনিক'ডীয় ৰূপান্তৰ- মালিনী গোস্বামী)

No comments: