অনুসন্ধান আকাংক্ষাত

Thursday, August 30, 2012

অ' জোনালী দীপান্বিতা দীপান্বিতা দীপান্বিতা

অ' জোনালী দীপান্বিতা দীপান্বিতা দীপান্বিতা

অ' জোনালী দীপান্বিতা দীপান্বিতা দীপান্বিতা

ঘিটমিটীয়া এন্ধাৰ কাটি ৰাতি

জিকমিকিয়া জ্বলি উঠে চাকি

উজলিল সোণৰে মাটি।



জ্বলে ঘৰে ঘৰে প্ৰদীপ শিখা

সংগ উৰুলি আৰতি

দেৱশিশুসৱে উমলিছে

পোহৰৰ দলিছা পাতি।



অ' জোনালী দীপান্বিতা

দীপান্বিতা দীপান্বিতা

দীপান্বিতা দুদিনীয়া,

আহিব বা এছাটি

আনিব পৃথিৱীৰ সন্মুখলৈ

পুনৰ এন্ধাৰ মাতি।



এই পৃথিৱীৰ শত জনতাৰ

দুখৰ এন্ধাৰ নাশি

সুন্দৰ পূজাৰী উজলোৱা

বুকুৰ তেজৰে চাকি

সাম্যৰ দীপালী পাতি।

অ' জোনালী দীপান্বিতা....



(ভূপেন হাজৰিকাদেৱৰ গীত)

(ইউনিক'ডীয় ৰূপান্তৰ -গীতার্থ বৰদলৈ)

No comments: