অনুসন্ধান আকাংক্ষাত

Friday, August 3, 2012

সেউজীয়া সেউজীয়া



সেউজীয়া সেউজীয়া       

লানিকৈ ৰুলে ঐ গছৰ শাৰী

সেউজী গছতে সোণৰ গুটি ৷



সেউজী গছতে সোণৰ গুটি লাগে

হীৰা ফুলে মাৰে পোহৰ ছাটি

সেউজী গছতে সোণৰ গুটি ৷



ভাটি দেশৰে কুলি ছোৱালী অ

টুকুৰীৰ ভৰাবি কোমল পাতে

ভাগৰি জিৰাবি শিৰীষৰ ছাঁতে

আঙুলি বুলাবি পাতে পাতে ৷



খৰেকৈ বুলাবি অ তই

লাখো লাখ টকাৰে মোকে নাটে

আঙুলি বুলাবি পাতে পাতে ৷



চাহৰে বাগিছা নহয় মোৰ দেউতা

ৰূপৰে বাগিছা ফুলি

সেউজী গছতে সোণৰ গুটি ৷৷



(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; দিলীপ শৰ্মাৰ সৌজন্যত)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: