সুন্দৰ তই মনে মনে
সিদিনা পুৱতি হাঁহিছিলি
নামাতোতেই নিজে নিজে
মোক বিচাৰি আহিছিলি ৷
তোক চিনা মোৰ চকু নাছিল
সেইদিনা
তোৰ মৰমত গুমৰি উঠা নাছিল
হবলা
মোৰ বীণা
তোৰ চৰণক্ষেপৰ ঝঙ্কাৰ
শুনা নাছিলে মোৰ প্ৰাণে
বিনোৱা নাছিল তোক চিনি পাই
মোৰ গানে ৷
নাছিল অন্তৰত
নিজৰা ধাৰেৰে ফেনে ফোটোকাৰে বৈ
তোক বুজিব পৰা ছন্দ
পিন্ধি আছিলো অহঙ্কাৰৰ
অন্ধ মণিবন্ধ
৷
সেইহে ঘূৰি গলি
মোৰ কথা গৈ
তৰাৰ সভাত
নীহাৰিকাই নচা ৰভাত
কি বুলিনো ক”লি ?
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment