অনুসন্ধান আকাংক্ষাত

Tuesday, August 7, 2012

উজাই বুৰে দিলে

উজাই বুৰে দিলে...

শিহুটি ঘঁৰিয়াল



উজাই বুৰে দিলে

শিহুটি ঘঁৰিয়াল

ভটিয়াই বুৰিলে মাছে

অসমীৰ মুখতে হাঁহি নাইকীয়া

মাথোঁ চকুপানী মচে... ৷



        তাঁতীৰে কাপোৰে জগতখন জুৰিলে

        তথাপি তাঁতীৰ গা উদি

        ডা-ডাঙৰীয়াই দেশকে ঠগিলে

        কৰিনো কতনা বুধি ৷



চাব দিয়া গাখিৰত

মোলান পৰিলে

চম্পাকল মৰহি গ’ল

খেনোৱে সোণৰে

সিংহাসন সাজিছে

খেনোৱে ভোকতে,

খেনোৱে শোকতে ৰ’ল ৷



        ঐৰাৱত গোসাঁইকে মতলীয়া কৰি

        খেদিলাঁ ৰাইজৰ ফালে

        অ’ বলিয়া হাতীকো বলাব পাৰোঁ যে

        ৰাইজখন একগোট হ’লে... ৷



ডা-ডাঙৰীয়াক কাবৌকৈ মাতিছোঁ

ৰাইজৰ বিলৈখন চোৱাঁ

ৰাইজৰ বলতে তুমি বৰ্ত্তি আছাঁ

কেলেইনো পাহৰি যোৱাঁ ?


লুইতক ভেটা দি কিমান দিন ৰাখিবা

ভেটাকো চেৰায়ে ক'ব

কোনোবা কাহানিৰ কলীয়া এলান্ধু

ধুমুহাই সামৰি থ’ব ৷

কোনোবা কাহানিৰ...

কলীয়া এলান্ধু...

ধুমুহাই..

সামৰি থ’ব....!



(কথাছবি:পিয়লি ফুকন , ১৯৫৫ চন )
(ইউনিক’ডীয় ৰূপান্তৰ-দিগন্ত শ‍ইকীয়া)

No comments: