অনুসন্ধান আকাংক্ষাত

Thursday, August 30, 2012

অ’ মইনা কেতিয়া আহিলি তই



সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱে সুৰ দিয়া গীতটো আছিল তেওঁৰ পিতৃ নীলকান্ত হাজৰিকাদেৱৰ | ১৯৩৪ চনত এই গীতটো ৰচনা কৰা হৈছিল|



ম‍ইনা কেতিয়া আহিলি ত‍ই

অহাৰে লগতে বননিৰ মাজতে

ফুলে বনৰীয়া জাঁই||

মলয়া বতাহো লগতে আনিলি

গানো শাঁতে পৰি যায়

শুৱলা গীত এটি গায়||

আজলী হৰিণী অতিকৈ শুৱনি

নিজৰাৰে পানী খায়|

এখুজি দুখুজি থমকি থমকি

ঘূৰি ঘূৰি চৰি যায়|

মোৰ ম‍ইনা ঘূৰি ঘূৰি চৰি খায়|



(ইউনিক'ডীয় ৰূপান্তৰ- বিষ্ণু শ‍ইকীয়া)

No comments: