সুন্দৰ অ’ তই
সুন্দৰ
অ’
তৰিলি তই
অসীম
নীলা ৰভা
নীহাৰিকা
জোন বেলিৰে
তৰাৰে তই
এই যে পাত’
মহান....
জ্যোতি সভা
তৰিলি তই
অসীম
নীলা ৰভা ৷
মই তাৰেই এখন
কোনোবা পুৰৰ
কোনোবা দূৰৰ
কোনোবা ঘৰৰ
শেৱালি বনৰ
দুবৰি বনত
ছিগা তাঁৰৰ ভগা এখন বীণ
বজাওঁ ৷
তোৰ যে এই বিৰাট সভাত
মহা জ্যোতি বহা ৰভাত
আজিনো মই
কেনেকৈ
কোন সতেৰে
কোন লাজেৰে
কোন মুখেৰে
গাওঁ
মোৰ কঁপা
বুকুৰ
ধুক্ধুকনিত
কণ্ঠ যে
মোৰ
বিচাৰি
নাপাওঁ ৷
মাথোঁ, তোৰ মৰমতে
গুণগুণাওঁ
গুণগুণাওঁ
!
ছিগা তাঁৰৰ ভগা এখান বীণ বজাওঁ ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment