অনুসন্ধান আকাংক্ষাত

Friday, August 31, 2012

এটি কুঁহি দুটি পাত



অঅঅঅঅ  অ...


এটি কুঁহি  দুটি পাত ৰতনপুৰ বাগিছাত ..

লহপহীয়া হাতেৰে কোনেনো চিঙিলে ..

অ কোনেনো চিঙিলে ..



এন্ধাৰ কলা চুলিৰে জবা ফুলৰ পাহিৰে ..

পাপৰিবোৰ উৰুৱাই কোনেনো হাঁহিলে

অ অ কোনেনো হাঁহিলে



যুগনু আৰু লচ্‌মীৰে বিয়াৰ দিনাৰ ঝুমুৰে



ৰতনপুৰ বাগিছাত জোৱাৰ তুলিলে অ অ জোৱাৰ তুলিলে



যুগনু আৰু লচ্‌মীৰে মৰম খিনিৰ ৰূপেৰে

এটি সৰু কেচুৱাই  পজাঁ উজলালে .. 

অ পজাঁ উজলালে



যুগনু আজি এটা পাত

লচ্‌মী আজি এটা পাত

কেচুৱাটি  সৰু কুঁহি  অ ভাগৰি পৰিলে .. |



এ ইমান কুঁহি দুটি পাত ..

ৰতনপুৰ বাগিছাত !

অকালতে চিঙিবলৈ পিশাচো আহিলে ..

অ অ পিশাচো আহিলে

দুটিপাতৰ লটী ঘটী

আলফুলীয়া কেচুৱাটিৰ..

আশাৰ চাকি ঢাকি কোন পিশাচে  হাঁহিলে

অ অ অ পিশাচে  হাঁহিলে...


তাম বৰণৰ দেহাৰে সবল সুঠাম বাহুৰে

তাম বৰণৰ দেহাৰে সবল সুঠাম বাহুৰে

ধম ধমা ধম মাদল বজাই

কোনেনো নাচিলে হেজাৰে নাচিলে 

কোনেনো নাচিলে হেজাৰে নাচিলে

নতুন তুফান আহিলে

হেজাৰ মাদল বাজিলে

সেই মাদল সাহস দেখি পিশাচো পলালে

নতুন তুফান আহিলে

হেজাৰ মাদল বাজিলে

সেই মাদল সাহস দেখি পিশাচো পলালে

এটি কুঁহি  দুটি পাত

ৰতনপুৰ বাগিছাত ..

লহপহীয়া হাতেৰে কোনেনো চিঙিলে ..     

কোনেনো চিঙিলে..

অঅ অ অ হহহহহ্হ্হহহ



(ইউনিকডীয় ৰূপান্তৰ- বনজিৎ পাঠক)

No comments: