অনুসন্ধান আকাংক্ষাত

Thursday, August 30, 2012

অগ্নিযুগৰ ফিৰিঙতি মই



অগ্নিযুগৰ ফিৰিঙতি মই

নতুন অসম গঢ়িম,

সৰ্বহাৰাৰ সৰ্বস্ব

পুনৰ ফিৰাই আনিম,

নতুন অসম গঢ়িম।



নৰকঙ্কালৰ অস্ত্ৰ সাজি

শোষণকাৰীক বধিম,

সৰ্বহাৰাৰ সৰ্বস্ব

পুনৰ ফিৰাই আনিম

নতুন ভাৰত গঢ়িম।



ধৰ্ম-ব্যৱসায়ীৰ ঠাই নাই তাত

জাতিৰ অহঙ্কাৰ লয় পাব তাত

অস্পৃশ্যতাৰ মহাদানৱক

আপোন হাতেৰে নাশিম

নতুন ভাৰত গঢ়িম।

হৰিজন পাহাৰী হিন্দু মুছলিমৰ

বড়ো কোঁচ চুতীয়া কছাৰী আহোমৰ

অন্তৰ ভেদি মৌ বোৱাম,

ভেদাভেদৰ প্ৰাচীৰ ভাঙি

সাম্যৰ সৰগ ৰচিম,

নতুন ভাৰত গঢ়িম।

অগ্নিযুগৰ ফিৰিঙতি মই....


[এইটো ভূপেন হাজৰিকাই ৰচা দ্বিতীয় গীত, ৰচনাকাল : ১৯৩৯; 'ছিৰাজ' (১৯৪৮) কথাছবিত দিছে ৷ গীতটো ৰচনা কৰাৰ সময়ত লিখা নতুন ভাৰত গঢ়িম এই শাৰীটো চিৰাজ কথাছবিত নতুন অসম গঢ়িম কৰিছে আৰু কেছেটতো এইদৰে বাণীবদ্ধ কৰিছে।]

(ইউনিক'ডীয় ৰূপান্তৰ- গীতাৰ্থ বৰদলৈ)

No comments: