অনুসন্ধান আকাংক্ষাত

Thursday, August 2, 2012

সুন্দৰ তই মোৰ ৰূপতেই



সুন্দৰ তই, মোৰ ৰূপতেই        

          মোক আহি দেখা দিবি

সুন্দৰ তই, মোৰ ভাষাৰেই

          মোক আহি কথা কবি ৷



সুন্দৰ তই, মোৰ গানেৰেই

          মোকেই বৰাই থবি

সুন্দৰ তই, মোৰ সুৰতেই

          আহি থানিকা লবি ৷



তোৰ দেশলৈ

তোৰ দেশলৈ

          মোৰ সু ৰ সাগৰেদি যাম,

          গানৰ নাৱত উজাই উজাই

                             ভাবৰ বঠা বাম

          তোৰ হাঁহিয়েই বাট দেখুৱাই নিব

          তোৰ মৰমেই বাটৰ সমল হব ৷



(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; ০২/০৯/১৯৪৮)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: