অনুসন্ধান আকাংক্ষাত

Friday, August 31, 2012

আ‍ই মোৰ সোণৰে অসমত



পাৰ্বতী প্ৰসাদ বৰুৱাই জন্ম গ্ৰহন কৰিছিল ১৯০৪ চনত...শংকৰ মাধবৰ পূন্যভূমি সোণৰ অসমত .....ৰদত চিকেমিকাই থকা সোণৰ কলচি চিৰ জ্যোতিস্মান হৈ উথে তেঁওৰ লিখনি আৰু সুৰত.....


আ‍ই মোৰ সোণৰে অসমত

আ‍ই মোৰ সোণৰে মন্দিৰ

আই মোৰ ৰদত চিকেমিকে কৰে

আই মোৰ সোণৰে কলচী

সৰগ বৰষী

আই মোৰ জলমল জেউতী চৰে


....


আই মোৰ আইৰে চোতালত

আই মোৰ পাৰিজাত ফুলিলে

আই মোৰ গোন্ধে বৰ্ষিত হয়ে

আই মোৰ আইৰে মজিয়াত

সুগন্ধি জ্বলালে

আই মোৰ চৌপাশ

আমোলমোল কৰে



....



আই মোৰ আইৰে থাপনাত

আই মোৰ কত ফুলঝাৰিয়ে

আই মোৰ কতনো পূজা যোগালে

আই মোৰ শংকৰ পুৰুষে

কিৰ্তনে পঢ়িলে

আই মোৰ মাধবে বৰগীত গালে



.....



আই মোৰ আইৰে চৰণত

আই মোৰ ভকত চাপিচে

আই মোৰ চৰণ সেৱা কৰো বুলি

আই মোৰ সোণপিঠ কামপিঠ

ৰতন পিঠ মিলিছে

আই মোৰ শিৰত লৈ চৰণৰ ধূলি


.....


আই মোৰ নিচলা সেৱকৰ

হে আই মোৰ নিঃকিন পূজা ভাগ

আই মোৰ নিঘিনি লোৱাহে তুলি

আই মোৰ সেৱাৰ বঢ়া টুটা

ক্ষেমিবা আ‍ই মাতৃ

আই মোৰ দুখীয়া নিচলা বুলি

আই মোৰ দুখীয়া নিচলা বুলি

আই মোৰ দুখীয়া নিচলা বুলি




(ইউনিক'ডীয় ৰূপান্তৰ- দীপা  ডেকা)

No comments: