অনুসন্ধান আকাংক্ষাত

Friday, August 31, 2012

আজি ঈদৰ এই মেহফিলত নফৰতৰ চিন-চাপ নাই (অসমীয়া কাৱালি)



আজি ঈদৰ এই মেহফিলত,

আজি ঈদৰ এই মেহফিলত

নফৰতৰ চিন-চাপ নাই,

নফৰতৰ চিন-চাপ নাই;

প্ৰাণে প্ৰাণে খুশিৰ তোফান

মিল্লতৰ জৱাব নাই,

আজি ঈদৰ এই মেহফিলত |



আহা সকলোটি মিলি

খুদাৰ বন্দা,

উৰুৱাই আছমানতে

একতাৰ ঝন্দা;

মানুহ মাজে ভেদ গঢ়েদি,

মানুহ মাজে ভেদ গঢ়েদি

তাৰ সমান খাৰাব নাই,

তাৰ সমান খাৰাব নাই;

আজি ঈদৰ এই মেহফিলত | (...ভূ:হা:)


মজহবতকৈও মানুহ ডাঙৰ,

জানি লবা ভাই,

মানুহৰ মিলন প্ৰীতি

ধৰ্মই শিকায় |    (২ বাৰ,..সহযোগী১, ভূ:হা:১)



হিয়াত কপটতা লৈ

মছজিদলৈ নাযাবা,

মানুহকে নেওচি তুমি

খুদা কতো নাপাবা | (ভূ:হা:,সমবেত একেলগে)


সব ইবাদত মিছা যদি,

সব ইবাদত মিছা যদি

দিলত মৰম ভাব নাই,

দিলত মৰম ভাব নাই;

আজি ঈদৰ এই মেহফিলত | (ভূ:হা:)



মুখে আল্লা আল্লা কৈ

বগলত ছুৰি লৈ,

দুনীয়াৰ বাটে-ঘাটে

দুষ্ট কত আছে ৰৈ |   (২ বাৰ, সহযোগী১, ভূ:হা:২)



লগৰ জনক কন্দুৱাই

গোপনে কতই হাঁহিছে,

লোকক ভোকত ৰাখি নিজে

কুৰ্মা-পোলাও ৰান্ধিছে |  (ভূ:হা:, সমবেত একেলগে)



ইয়া ইলাহী এনে লোকৰ,

ইয়া ইলাহী এনে লোকৰ

কি কোনো আজাব নাই ?

ইয়া ইলাহী এনে লোকৰ

কি কোনো আজাব নাই ?



আজি ঈদৰ এই মেহফিলত,

আজি ঈদৰ এই মেহফিলত

নফৰতৰ চিন-চাপ নাই,

নফৰতৰ চিন-চাপ নাই;

প্ৰাণে প্ৰাণে খুশিৰ তোফান

মিল্লতৰ জৱাব নাই,

মিল্লতৰ জৱাব নাই;

আজি ঈদৰ এই মেহফিলত ||  (ভূ:হা:)
-(ভূপেন হাজৰিকা আৰু জয়ন্ত নাথৰ কণ্ঠেৰে নিগৰিত কাৱালী) 
(কথাঃ - নুৰুল হক) 
(সুৰঃ - মহম্মদ হুছেইন ) 
(১৯৮৮ চন)  (ইউনিক'ডীয় ৰূপান্তৰ- প্ৰাঞ্জল বড়া)                    

No comments: