অনুসন্ধান আকাংক্ষাত

Friday, August 31, 2012

আগ বাঢ়া




আগ বাঢ়া, বাঢ়া আগ বাঢ়া

ডেকা গাভৰুৰ দল ।


জনতাৰ মৃত্যু এফেৰি বতাহে

আকাশ কঁপাই তোলে

ঘনে হনে ঘনে কোলাহল ।



ডেকা-গাভৰুৰ দল আগ বাঢ়া

সঙ্কীর্ণতাৰ চিতাত চোৱা

প্রগতিৰ ঢল উঠিল

লা ডাৱৰৰ বিভীষিকাত

জেউতিৰ ৰহণ চৰিল ।।



এন্ধাৰ অতীতৰ জঁকাত চোৱা

শোনিতৰ বান উঠিল

ডেকা গাভৰুৰ দল

তুমি শান্তিৰ পৃথিৱীত বোলাই দিয়া

সাম্যৰ নৱ বোল ।।



(ইউনিক'ডীয় ৰূপান্তৰ-স্যামন্ত কুমাৰ গোস্বামী)

No comments: