“সাহিত্যসম্রাট বেজবৰুৱাদেৱে কৈছিল “আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ’ম ?” সঁচা । পিচে...
আমি অসমীয়া নহওঁ দুখীয়া
বুলি সান্ত্বনা লভিলে নহ’ব
আজিৰ অসমীয়াই নিজক নিচিনিলে
অসম ৰসাতলে যাব
নানা জাতি-উপজাতি ৰহণীয়া কৃষ্টি
আকোৱালি লৈ হৈছিল সৃষ্টি
এই মোৰ অসমদেশ
বিভেদ পৰিহৰি নিজ হাতে শ্রম কৰি
দেশক নগঢ়িলে এই দেশ হ’ব নিঃশেষ
আৰু মনবোৰো ভাগি-চিগি যাব
আজিৰ অসমীয়াই নিজক নবচালে
অসমতে মগনীয়া হ’ব
প্রতি অসমীয়াই কি কৰা উচিত
উপদেশ দিবলৈ নাই লাচিত
ডাঙৰ নহয় দেশতকৈয়ো মোৰ
দুর্বলচিতীয়া মোমাইবোৰ
বোলা হেংদাংধাৰী লাচিত নেথাকিলেও
আগুৱাই যাবই লাগিব
অ’ নহ’লে অসমীয়াই অসমৰ মাটিতে
নিজেই ভগনীয়া হ’ব
অসম মৰিলে আমিও মৰিম বুলি
ক’বলৈ কোনো যে নাই
বুলি আজি কোনে ক’ব
কোনোবা কাপুৰুষক পুৰুষ কৰিবলে
জ্যোতিপ্রসাদো যে আছে
অসম মৰিলে আমিও মৰিম
বুলি ক’বলৈ শ্বহীদো আছে
আজি অম্বিকাগিৰিৰ চিঞৰক
হেজাৰে হাতে-কামে নৱৰূপ দিব
আজিৰ অসমীয়াই সংগ্রাম নকৰিলে
অসমতে ভগনীয়া হ’ব
আনৰে লগতে অসমীয়া অসমতে
যদিহে নেবাচে বাৰু ক’তনো বাচিব
মোৰ আইক ভাল পাওঁ বুলিলে আনৰ আইক
জানো ঘিণ কৰাটো বুজাব
প্রতি অসমীয়া আমি ভাল ভাৰতীয়
আৰু দূৰণিৰ পৰা আহি লুইতৰ পাৰৰে
মাটিক মাতৃ বোলা প্রতি ভাৰতীয় হ’ল
নতুন ৰূপৰ অসমীয়া
আমি সেই ভাবে থাকিলেই হ’ব
নহ’লে আমাৰ ৰাজহাড় নাই বুলি
বিশ্বই বৰকে হাঁহিব
বিশ্বপ্রেম বিনন্দীয়া বুলি
অনুভব কৰা প্রতিজন অসমীয়া
তুমিওতো জানা এটি কথা
আপোন মাতৃৰ অশ্রু নমচিলে
বিশ্বপ্রেম হ’ব বৃথা
তুমি বিশ্বৰ শৰীৰত পংগু অংগ হ’লে
বিশ্বই জানো ভাল পাব
পৃথিৱীত জননী সচেতন নহ’লে
প্রাপ্যও থিতাতে হেৰাব
থলুৱা আৰু নতুন অসমীয়াক
এইবেলি সেৱা যাচিলৈ
সোঁৱৰাব খুজিছোঁ
অসমৰ ৰাইজে নিজকে পাহৰিলে
ভোগালিতো দুর্ভোগ পাব
আৰু বাপোতি সাহোন সেই ৰঙালি বিহুটিও
কঙালিত পৰিণত হ’ব
আজিৰ অসমীয়াই নিজক নবচালে
অসম ৰসাতলে যাব
আমি অসমীয়া নহওঁ দুখীয়া
বুলি সান্ত্বনা লভিলে নহ'ব"
(ইউনিক'ডীয় ৰূপান্তৰ- মিতালী বর্মন)
No comments:
Post a Comment