পুৰুষঃ অ’.. তুমি জোন নে
সোণ নে শিখা ?
নাৰীঃ অ’... মোৰ এটি নাম...
যৌৱনৰ তৃষা ৷
পুৰুষঃ তুমি জোন নে সোণ নে শিখা ?
নাৰীঃ অ’... মোৰ এটি নাম যৌৱনৰ তৃষা ৷
পুৰুষ(কথা): সাগৰৰ পাৰ
নাৰীঃ অ’... সাগৰৰ পাৰে পাৰে বাট
পুৰুষঃ নিশা... তুমি মই বহি আছোঁ তাত
পুৰুষঃ তুমি হ’লা লাহৰী, সাগৰৰে লহৰী
নাৰীঃ সৌৱা চোৱাঁ, আঁজলিবোৰ
কিয় হয় বাউলি;
দুয়োঃ আমি একে হোৱা দেখি
লহৰ লেখি লেখি
আমি একে হোৱা দেখি
লহৰ লেখি লেখি
পুৰুষঃ সাগৰে হেৰুৱালে যে ভাষা
দুয়োঃ অ’...
নাৰীঃ আজি জোনাকৰে জিলমিলীয়া নিশা,
পুৰুষঃ মোৰ বঢ়ালা যে জীৱন লালসা
নাৰীঃ দুচকুতে মৰমৰে আভাস
পুৰুষঃ চেনেহৰে অপৰূপ প্রকাশ
নকৰিবা ভয় নাই সংশয়
আছে মাথোঁ মিলনৰে আশা
অ'.. তুমি জোন নে সোণ নে শিখা ?
নাৰীঃ অ’... মোৰ এটি নাম যৌৱনৰ তৃষা... ৷
পুৰুষঃ সুগন্ধী সনা কেশ
কি মিঠা আৱেশ
নাৰীঃ তোমাৰ বুকুখন !
আকাশ যেন এখন
দুয়োঃ সেই আকাশৰে গাত
বিশাল তুলাপাত
সেই আকাশৰে গাত
বিশাল তুলাপাত
পুৰুষঃ প্রেমেৰে তাত ইতিহাস লিখা
অ'.. তুমি জোন নে সোণ নে শিখা ?
নাৰীঃ অ’... মোৰ এটি নাম যৌৱনৰ তৃষা... ৷৷
(কলকাতা: ১৯৭৮ চন)
ভূপেন হাজৰিকা আৰু বিউটি শৰ্মা বৰুৱাৰ কণ্ঠেৰে নিগৰিত গীত
(ইউনিক'ডীয় ৰূপান্তৰ- দিগন্ত শইকীয়া)
No comments:
Post a Comment