অনুসন্ধান আকাংক্ষাত

Friday, August 31, 2012

আজি ফাগুণৰ পুৱা বেলাতে




আজি ফাগুণৰ পুৱা বেলাতে

মেঘে ওন্দলাই আনিলে

আবতৰত এই নীল আকাশত কলা ৰং কোনে সানিলে

মেঘে ওন্দলাই আনিলে



বাসন্তী উৎসৱ নহল পতা

বাসন্তী উৎসৱ নহল পতা

আধা কোৱা হল যুতিৰ মেলৰ গুপুত কথা

দেহি ঐ

খৰিকাজাইৰ উথন বুকুৰ গুপন কথা

কোনেও নেজানিলে

মেঘে ওন্দলাই আনিলে



পাতে পাতে পাতে জৰ্জৰণি

কোন বাউলীৰ কান্দোনৰ যেন কৰূণ ধ্ৱনি

হৄদয়ৰ বীণাখনিত তাৰেই নেকি প্ৰতিধ্ৱনি

আঘাত হানিলে

মেঘে ওন্দলাই আনিলে



(ইউনিক'ডীয় ৰূপান্তৰ- অৰুন্ধতী তালুকদাৰ)

No comments: